দেশৰ স্বাধীনতাৰ পক্ষে যুঁজা অক্লান্ত যোদ্ধাসকল
বৃটিছৰ বিৰুদ্ধে দেশজুৰি চলা স্বাধীনতা সংগ্ৰামত ভাগ লৈছিল অগণন দেশবাসীয়ে। সমগ্ৰ দেশতেই ইংৰাজ শাসন ওফৰাই স্বাধীন ভাৰতৰ পতাকা উৰুৱাবলৈ বদ্ধ পৰিকৰ হৈছিল ভাৰতবাসী। কাশ্মীৰৰ পৰা কন্যাকুমাৰী, অসমৰ পৰা গুজৰাটলৈ বিভিন্নজনে দেশমাতৃক ৰক্ষা কৰাৰ স্বাৰ্থত আত্মবলিদান দিলে, কোনো লোক চিৰকাললৈ ঘূণীয়া হ’ল আৰু বহুলোকে কাৰাবাস খাটিলে। ভাৰতৰ স্বাধীনতা সংগ্ৰামত জড়িত হৈ দেশমাতৃক ৰক্ষা কৰাৰ সংকল্প গ্ৰহণ কৰা পৰাধীন ভাৰতৰ বিভিন্ন প্ৰান্তৰ কেইগৰাকীমান দেশপ্ৰেমিকৰ বিষয়ে কিছু কথা জানো আহক –
সূৰ্য সেন
(১৮৯৪-১৯৩৪)
‘মাষ্টৰ দা’হিচাবে পৰিচিত সূৰ্য সেন আছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এগৰাকী অক্লান্ত যোদ্ধা।দেশৰ স্বাধীনতা উদ্ধাৰ কাৰ্যত ব্ৰতী হৈ বৃটিছ শাসনৰ বিৰুদ্ধে সদায়েই বিৰুদ্ধাচৰণ কৰি অহা সূৰ্য সেনে অসহযোগ আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল।১৯৩০ চনৰ বিখ্যাত চট্টগ্ৰাম সশস্ত্ৰ বিপ্লৱৰ অন্যতম হোতা হিচাবে পৰিচিত সূৰ্য সেনৰ নেতৃত্বত বিদ্ৰোহী বাহিনীয়ে বৃটিছৰ অস্ত্ৰাগাৰ দখল কৰাৰ পৰিকল্পনা কৰিছিল।বৃটিছৰ বিৰুদ্ধাচৰণ কৰি সশস্ত্ৰ সংগ্ৰাম গঢ়ি তোলাৰ বাবে ১২ জানুৱাৰী ১৯৩৪ চনত সূৰ্য সেনক ফাঁচী দিয়া হয়।
মাতাংগিনীহাজৰা
(১৮৬৯–১৯৪২)
গান্ধীবাদী আদৰ্শক সাৰোগত কৰি দেশৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰা মাতাংগিনী হাজৰা আছিল এগৰাকী অগ্ৰণী স্বাধীনতা সংগ্ৰামী। বংগত খাদী আন্দোলনৰ এগৰাকী অন্যতম গুৰিয়াল হিচাবে পৰিচিত এইগৰাকী মুক্তিযুঁজাৰুৱে ভাৰত ত্যাগ আন্দোলনতো সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল। ১৯৪২ চনৰ ২৯ ছেপ্তেম্বৰত ভাৰত ত্যাগ আন্দোলনৰ অংশ হিচাবে পশ্চিমবংগৰ তামলুকত এটা বৃ্হৎ সমদলকাৰীক তেখেতে নেতৃত্ব দিছিল। পুলিচৰ বাধা নেওচি আগবাঢ়ি যোৱা দলটোলৈ গুলীচালনা কৰা হয় আৰু মাতাংগিনী হাজৰাই ৭৩ বছৰ বয়সত গুলীবিদ্ধ হৈ মৃত্যুবৰণ কৰে।
ৰাম প্ৰসাদ বিছমিল
(১৮৯৭-১৯২৭)
বৃটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰামৰ এক অন্যতম নায়ক হিচাবে পৰিচিত ৰাম প্ৰসাদ বিছমিলৰ অন্য এটা পৰিচয় আছিল স্বদেশপ্ৰেমৰ কবিতা ৰচক হিচাবেও। ৰাম, অজ্ঞাত আৰু বিছমিল তিনিটা নামেৰে তেওঁ ভিন্ন স্বদেশপ্ৰেমমূলক কবিতা ৰচনা কৰি দেশবাসীক উদ্বুদ্ধ কৰিছিল। ‘হিন্দুস্থান ৰিপাব্লিকান এছোছিয়েচন’ নামেৰে এটা সশস্ত্ৰ গোটৰ এগৰাকী অন্যতম প্ৰতিষ্ঠাপক আছিল বিছমিল। বৃটিছৰ বিৰুদ্ধে সংঘটিত উত্তৰ প্ৰদেশৰ মৈনপুৰী আৰু কাকৰি কাণ্ডৰ অন্যতম নায়ক ৰাম প্ৰসাদ বিছমিলক ১৯২৭ চনৰ ১৯ ডিচেম্বৰত বৃটিছবিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত ফাঁচী দিয়া হয়।
বাঘা যতীন
(১৮৭৯-১৯১৫)
বিপ্লৱী বাঘা যতীন ওৰফে যতীন্দ্ৰনাথ মুখাৰ্জী আছিল দেশৰ এগৰাকী অন্যতম স্বতন্ত্ৰ সেনানী। সৰুৰে পৰাই দেশমাতৃক উদ্ধাৰৰ সপোন দেখা বাঘা যতীনে বংগত গঠিত যুগান্তৰ পাৰ্টি নামেৰে এটা সশস্ত্ৰ সংগঠনক নেতৃত্ব দিছিল। ১৯১৫ চনৰ ১০ ছেপ্তেম্বৰ বৃটিছ আৰক্ষীৰ সৈতে হোৱা গুলীয়াগুলীত গুৰুতৰভাৱে আহত হৈ তেখেতে মৃত্যুবৰণ কৰে। স্বামী বিবেকানন্দৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত বাঘা যতীন “জীৱনাহুতিৰে দেশ জাগিব” বাক্যশাৰীৰ দ্বাৰা উদ্বুদ্ধ হৈছিল।
বীৰ টিকেন্দ্ৰজিৎ সিং
(১৮৫৬-১৮৯১)
মণিপুৰ ৰাজপৰিয়ালৰ ৰাজকুমাৰ বীৰ টিকেন্দ্ৰজিৎ সিং আছিল মণিপুৰী সেনাবাহিনীৰ কামাণ্ডাৰ আৰু তেখেতৰ নেতৃত্বতেই বৃটিছ বাহিনীৰ বিৰুদ্ধে ‘বৃটিছ-মণিপুৰ যুদ্ধ’ৰ সূচনা হৈছিল। ১৮৯১ চনৰ ৩১ মাৰ্চ তাৰিখে বৃটিছ প্ৰশাসনে কহিমা আৰু শিলচৰৰ পৰা মণিপুৰ আক্ৰমণ কৰিবলৈ সৈন্যবাহিনী পঠিয়ায়। বীৰ টিকেন্দ্ৰজিৎ সিঙৰ নেতৃত্বত মণিপুৰী সৈন্যই বীৰদৰ্পে যুঁজ দিয়ে যদিও শেষত পৰাজয় বৰণ কৰিবলগীয়া হয়। টিকেন্দ্ৰজিৎ সিঙক বৃটিছ বাহিনীয়ে কৰায়ত্ব কৰে আৰু ১৮৯১ চনৰ ১৩ আগষ্টত ৰাজহুৱাকৈ ফাঁচীকাঠত ওলমোৱা হয়।
পিংগলি ভেংকয়া
(১৮৭৬-১৯৬৩)
অন্ধ্ৰপ্ৰদেশত জন্মগ্ৰহণ কৰা স্বাধীনতা সংগ্ৰামী পিংগলি ভেংকয়া আছিল এগৰাকী গান্ধীবাদী নেতা৷ এগৰাকী ভূতত্ববিদ তথা কৃষি বিজ্ঞানী হিচাবে পৰিচিত পিংগলি ভেংকয়াই সাজি উলিওৱা আৰ্হিৰ আধাৰত ভাৰতৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় পতাকাখন প্ৰস্তুত কৰা হৈছিল৷ ২০০৯ চনত তেখেতৰ সোঁৱৰণত ভাৰত চৰকাৰৰ ডাক বিভাগে এটি ডাক টিকট মুকলি কৰিছিল৷
দুৰ্গাৱতী দেৱী
(১৯০৭-১৯৯৯)
বৃটিছৰ বিৰুদ্ধে সশস্ত্ৰ বিপ্লৱত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা এগৰাকী বিপ্লৱী আছিল দুৰ্গাৱতী দেৱী। ‘নজৱান ভাৰত সভা’ নামৰ বিপ্লৱী সংগঠনটোৰ এগৰাকী সক্ৰিয় সদস্যা দুৰ্গাৱতী দেৱীয়ে বৃটিছ বিষয়া জে পি চন্দাৰচক হত্যা কৰাৰ পাছত ভগত সিং আৰু ৰাজগুৰুক ৰেলৰ যোগেদি পলাই যোৱাত সহায় কৰিছিল। ভগত সিঙৰ ফাঁচীৰ প্ৰতিশোধকল্পে দুৰ্গাৱতী দেৱীয়ে পঞ্জাৱৰ প্ৰাক্তন গৱৰ্ণৰ লৰ্ড হেলীক হত্যাৰ চেষ্টা কৰিছিল যদিও বিফল হৈ আৰক্ষীৰ হাতত ধৰা পৰিছিল আৰু কাৰাৱাস খাটিব লগীয়া হৈছিল।
টিৰট সিং ছিয়েম
(১৮০২-১৮৩৫)
খাচি পাহাৰৰ নংখলাউৰ ৰজা (ছিয়েম) টিৰট সিং আছিল বৃটিছৰ বিৰুদ্ধে অসীম বিক্ৰমেৰে যুঁজ দিয়া এগৰাকী যুঁজাৰু। তেখেতে মেঘালয়ৰ মাজেদি বৃটিছ বিষয়া ডেভিড স্কটৰ পথ নিৰ্মাণৰ এটা প্ৰকল্পত সন্মতি জনাইছিল যদিও পাছলৈ অভিসন্ধিৰ বিষয়ে অৱগত হৈ বৃটিছৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হয়। বৃটিছৰ আধুনিক অস্ত্ৰৰ বিপৰীতে কেৱল ধনু-কাঁড়, তৰোৱাল আদিৰে অসীম বিক্ৰমেৰে প্ৰায় চাৰি বছৰ কাল যুদ্ধত লিপ্ত হৈ অৱশেষত টিৰট সিং বৃটিছ সৈন্যৰ হাতত ধৰা পৰে আৰু ঢাকালৈ কাৰাৱাসৰ বাবে প্ৰেৰণ কৰা হয়, য’ত তেখেতৰ মৃত্যু ঘটে। ১৯৮৮ চনত টিৰট সিঙৰ সোঁৱৰণত ভাৰত চৰকাৰে এটা ডাক টিকট মুকলি কৰিছিল।
হেমু কালানি
(১৯২৩–১৯৪৩)
সিন্ধ প্ৰদেশত জন্মগ্ৰহণ কৰা হেমু কালানি, ১৯৪২ চনত আৰম্ভ হোৱা‘ভাৰত ত্যাগ আন্দোলন’ৰ এগৰাকী অন্যতম ছাত্ৰ নেতা আছিল।সিন্ধ প্ৰদেশত এই আন্দোলন দমনৰ বাবে ৰেলেৰে অহা বৃটিছ সৈন্যক বাধা দিবলৈ হেমু কালানিয়ে সতীৰ্থ সকলৰ দ্বাৰা ৰেল বগৰোৱাৰ এটা পৰিকল্পনা কৰিছিল, কিন্তু কাৰ্যকৰী নহওতেই তেওঁ আৰক্ষীৰ হাতত ধৰা পৰে।অমানুষিক শাস্তিৰে হেমু কালানিৰ পৰা অন্য সহযোগী সকলৰ নাম উলিয়াবলৈ চেষ্টা কৰা হয় যদিও তেওঁৰ পৰা আৰক্ষীয়ে কোনো সঁহাৰি লাভ নকৰিলে।১৯৪৩ চনৰ ২১ জানুৱাৰীত মাথোঁ ২০ বছৰ বয়সত হেমু কালানিক ফাঁচী কাঠত ওলমোৱা হয়।
প্ৰীতিলতা ৱাড্ডেদাৰ
(১৯১১-১৯৩২)
শিক্ষয়িত্ৰী হিচাবে কৰ্মৰত প্ৰীতিলতা ৱাড্ডেদাৰ আছিল চট্টগ্ৰাম বৃটিছ বিৰোধী সশস্ত্ৰ সংগ্ৰামৰ অন্যতম নেত্ৰী। সূৰ্য সেনৰ সশস্ত্ৰ গোটত যোগদান কৰা প্ৰীতিলতাই ১৯৩২ চনৰ ২৩ ছেপ্তেম্বৰত চট্টগ্ৰামৰ পাহাৰতলী ইউৰোপিয়ান ক্লাবত হোৱা আক্ৰমণৰ নেতৃত্ব দিছিল। এই আক্ৰমণত এগৰাকী লোক নিহত হৈছিল আৰু কেইবাগৰাকীও আহত হৈছিল। শেষত বৃটিছ বাহিনীৰ হাতত আক্ৰমণকাৰী সকল ধৰা পৰে। গুলীবৰ্ষণত প্ৰীতিলতা আহত হয় আৰু ফলত বৃটিছ আৰক্ষীয়ে ঘেৰি ধৰে। গ্ৰেপ্তাৰৰ পৰা হাত সাৰিবলৈ তেখেতে লগত চায়েনাইড ভক্ষণ কৰি মৃত্যুক আকোঁৱালি লয়।
ৰাণী গাইডিনলিউ
(১৯১৫-১৯৯৩)
মণিপুৰত জন্মগ্ৰহণ কৰা ৰাণী গাইডিনলিউ আছিল ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ এগৰাকী অক্লান্ত সেনানী। বৃটিছ সাম্ৰাজ্যবাদী আৰু ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰি ৰাণী গাইডিনলিউৱে বৃটিছৰ বিৰুদ্ধে সশস্ত্ৰ সংগ্ৰাম গঢ়ি তুলিছিল। ১৯৩২ চনত বৃটিছৰ বিৰুদ্ধে যুদ্ধত লিপ্ত হৈ পৰাত তেওঁক বৃটিছে ‘সন্ত্ৰাসবাদী’ হিচাবে ঘোষণা কৰে। ১৯৩২ চনত ৰাণী গাইডিনলিউক গ্ৰেপ্তাৰ কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়। স্বাধীনতাৰ পাছত তেখেত মুকলি আকাশৰ তললৈ আহে আৰু জনজাতীয় লোকসকলৰ কল্যাণাৰ্থে নিজৰ জীৱন উচৰ্গা কৰে। ১৯৯৩ চনত ৭৮ বছৰ বয়সত তেখেতৰ মৃত্যু ঘটে।
ক্ষুদিৰাম বসু
(১৮৮৯-১৯০৮)
পশ্চিমবংগৰ মিদনাপুৰত জন্মগ্ৰহণ কৰা ক্ষুদিৰাম বসু আছিল দেশৰ বাবে প্ৰাণত্যাগ কৰা কনিষ্ঠতম শ্বহীদসকলৰ অন্যতম। মাথোঁ ১৫ বছৰ বয়সতে বৃটিছৰ বিৰুদ্ধে গঠিত ‘অনুশীলন সমিতি’ নামৰ এটা সশস্ত্ৰ সংগঠনত যোগদান কৰা ক্ষুদিৰাম বসুৱে ইংৰাজ শাসনৰ বিৰুদ্ধে বিভিন্ন অভিযান আৰম্ভ কৰে। ১৯০৮ চনত প্ৰফুল্ল চাকীৰে সৈতে মিলি মুজাফফৰপুৰত ব্ৰিটিছ মেজিষ্ট্ৰেট ডগলাছ কিংচফ’ৰ্ডক হত্যাৰ প্ৰচেষ্টা চলাইছিল যদিও ব্যৰ্থ হয়। এই আক্ৰমণত ভুলক্ৰমে দুগৰাকী বৃটিছ মহিলা নিহত হয়। এই অপৰাধৰ বাবে ক্ষুদিৰাম বসুক গ্ৰেপ্তাৰ কৰি ১৯০৮ চনৰ ১১ আগষ্টত মাথোঁ ১৮ বছৰ বয়সত ফাঁচী দিয়া হয়।
আচফাকুল্লা খাঁ
(১৯০০-১৯২৭)
চাহজাহনপুৰত জন্মগ্ৰহণ কৰা আচফাকুল্লা খাঁ আছিল ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া এগৰাকী স্বাধীনতা সংগ্ৰামী। চৌৰিচৌৰা ঘটনাৰ পাছত মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলনৰ সমাপ্তি ঘোষণা কৰাত অসন্তুষ্ট হৈ আচফাকুল্লা খাঁয়ে সহযোগীসকলৰ সৈতে লগ লাগি বৃটিছৰ বিৰুদ্ধে গঠন কৰিছিল ‘হিন্দুস্থান ছ’চিয়েলিষ্ট ৰিপাব্লিকান এছোছিয়েচন’ নামেৰে এক সশস্ত্ৰ সংগঠন। ‘কাকৰি ৰেল আক্ৰমণ’ৰ ঘটনাত অভিযুক্ত হৈ আচফাকুল্লা খাঁয়ে গ্ৰেপ্তাৰ বৰণ কৰে আৰু ১৯২৭ চনৰ ১৯ ডিচেম্বৰত মৃত্যুদণ্ডৰে দণ্ডিত কৰা হয়।
আল্লুৰি সীতাৰামা ৰাজু
( – ১৯২৪)
অন্ধ্ৰপ্ৰদেশত জন্মগ্ৰহণ কৰা আল্লুৰি সীতাৰামা ৰাজু্য়ে বৃটিছৰ বিৰুদ্ধে পৰাক্ৰমেৰে যুঁজ দি মৃত্যুবৰণ কৰিছিল। ‘মাদ্ৰাজ বন আইন ১৮৮২’ৰ দ্বাৰা বৃটিছে জনজাতীয় লোকসকলৰ প্ৰকৃতিৰ ওপৰত থকা অধিকাৰ খৰ্ব কৰাৰ বিৰুদ্ধে আল্লুৰি সীতাৰামাই বিদ্ৰোহ ঘোষণা কৰিছিল। জনজাতীয় লোকসকলক লগত লৈ ১৯২২ চনত তেওঁ বৃটিছৰ বিৰুদ্ধে ‘ৰাম্পা বিদ্ৰোহ’ ঘোষণা কৰে। ১৯২৪ চনলৈ চলা এই বিদ্ৰোহৰ, আল্লুৰি সীতাৰামাক বৃটিছে গুলীয়াই হত্যা কৰাৰ পাছত সমাপ্তি ঘটে।
যতীন্দ্ৰ নাথ দাস
(১৯০৪-১৯২৯)
কলিকতাত জন্মগ্ৰহণ কৰা যতীন্দ্ৰ নাথ দাসে মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল। পাছত বিপ্লৱী ভাৱধাৰাৰ প্ৰতি আকৃষ্ট হৈ ‘অনুশীলন সমিতি’ত যোগদান কৰে। মেধাৱী ছাত্ৰ হিচাবে পৰিগণিত যতীন্দ্ৰ নাথ দাসক বৃটিছবিৰোধী কাৰ্যৰ বাবে গ্ৰেপ্তাৰ কৰি লাহোৰ কাৰাগাৰত ৰখা হয় আৰু তাতেই ৰাজনৈতিক বন্দীসকলৰ অধিকাৰৰ দাবী তুলি ৬৩ দিনৰ বাবে অনশন ধৰ্মঘট পালন কৰে। এই অনশনৰ ফলতেই ১৯২৯ চনৰ ১৩ ছেপ্তেম্বৰত তেখেতৰ মৃত্যু ঘটে।