অসমৰ নদী পৰ্যটন

24 Sep 2018

বিভিন্ন বিলুপ্তপ্ৰায় প্ৰজাতি, প্ৰাকৃতিক শোভা, পুৰণি ইতিহাস, জৈৱ-বৈচিত্ৰতাত চহকী ৰাজ্য অসম। চৌপাশে সেউজীয়া গছ-গছনি,পাহাৰেৰে আবৃত্ত মনোমোহা ৰাজ্যখনৰ মাজেৰে বৈ গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ। বিশাল জলৰাশি, গভীৰতাৰ বাবে চীন দেশৰ তিব্বতৰ মানস সৰোবৰ হ্ৰদৰ পৰা উৎপত্তি হোৱা এই ব্ৰহ্মপুত্ৰ নদী বিশ্বৰ ভিতৰত চতুৰ্থখন বৃ্হৎ নদীৰূপে চিহ্নিত৷ অসমৰ সভ্যতা আৰু সংস্কৃতিৰ সাক্ষী হৈ ৰাজ্যখনৰ মাজেৰে নিৰৱচ্চিন্নভাৱে প্ৰবাহমান মহাবাহু ব্ৰহ্মপুত্ৰ ।

ব্ৰহ্মপুত্ৰ উপত্যকাত নদী পৰ্যটনৰ ক্ষেত্ৰখন ক্ৰমাৎ উন্নয়নৰ দিশে আগুৱাই গৈছে। বিভিন্ন দেশী বিদেশী পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি তথা অসমৰ পৰ্যটন ক্ষেত্ৰখনক এক সুকীয়া মাত্ৰা প্ৰদানৰ লক্ষ্যৰে ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ পৰা বাৰিষাৰ আগমনৰ সময়ছোৱালৈ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত এক বিলাসী নৌকা বিহাৰ সেৱাৰ(প্ৰধানকৈ বিদেশী পৰ্যটকৰ বাবে)সুবিধা উপলব্ধ। ইয়াৰ বাহিৰেও দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ঘৰুৱা পৰ্যটকসকলৰ বাবে হ্ৰস্বম্যাদী সুবিধাযুক্ত(Short term package) নৌকা বিহাৰৰ ব্যৱস্থাও নিয়মীয়াকৈ উপলব্ধ হৈ আহিছে৷ব্ৰহ্মপুত্ৰৰ বুকুত নিয়মীয়া নৌকা বিহাৰ

এম.ভি. মহাবাহু– নৌকা বিহাৰ আৰু বৰলুইতৰ দাঁতিকাষৰীয়া ঠাইসমূহ ভ্ৰমণৰ সুবিধা, মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰধান পৰ্যটন ক্ষেত্ৰসমূহ পৰিদৰ্শনৰ সুবিধা, নৌকা বিহাৰৰ সময়ছোৱাত চুইমিং পুল, হেল্থ স্পা চেলুন আদিকে ধৰি বিভিন্ন সুবিধাযুক্ত এখন বিলাসী পঞ্চতাৰকাযুক্ত ক্ৰুজ হ’ল এম.ভি. মহাবাহু। দক্ষ পথ-প্ৰদৰ্শকে সেৱা আগবঢ়াই অহা এই ক্ৰুজত সুবিধা অনুযায়ী সেৱাসমূহৰ মূল্য নিৰ্ধাৰণ কৰা হয়। এই ক্ৰুজেৰে পৰিদৰ্শন কৰোৱা প্ৰধান পৰ্যটন ক্ষেত্ৰসমূহৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নদী দ্বীপ মাজুলী অন্যতম।

এ.বি.এন চৰাইদেউ – দ্বৈত ইঞ্জিনযুক্ত ৩৮ মিটাৰ দৈৰ্ঘ্যৰ এই জাহাজখনৰ ভিতৰভাগ পৰিৱেশ অনুকূলভাৱে সু-সজ্জিত আৰু ইয়াৰ কৰ্মচাৰীসকলে পৰম্পৰাগত সাজ পৰিধানেৰে চহকী পৰম্পৰাক দেশী-বিদেশী পৰ্যটকৰ সন্মুখত সুন্দৰভাৱে উপস্থাপন কৰি আহিছে।
নৈশ যাপনৰ সুবিধা থকা এই জাহাজখনে পৰ্যটকক বিভিন্ন বন্যপ্ৰাণী অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যান, মাজুলী, ইতিহাসপ্ৰসিদ্ধ ঠাই তেজপুৰ, শিৱসাগৰ পৰিদৰ্শন কৰায়।

এলফ্ৰেচক’ গ্ৰেণ্ড – পৰ্যটকৰ ব্ৰহ্মপুত্ৰ পৰিভ্ৰমণৰ সুবিধাৰ্থে উপলব্ধ এক ক্ৰুজ তথা এক পানীত ওপঙা ৰেষ্টোৰা৷ য’ত বিদেশী ভোজনৰ অনুভৱৰ লগতে চাহৰ আমেজ লৈ সূৰ্যাস্ত উপভোগৰ উপৰিও লাইভ মিউজিক আৰু নৃত্যৰে মুখৰিত এক ৰোমাঞ্চকৰ পৰিৱেশত প্ৰিয়জনৰ সৈতে নিশাৰ আহাৰ গ্ৰহণৰ সুবিধাও উপলব্ধ৷

এম.ভি মহাবাহু, এ.বি.এন চৰাইদেউ, এলফ্ৰেচক’ গ্ৰেণ্ডৰ উপৰিও উশাবন, এচ.বি.আগাম আদি বহুকেইখন নদী ক্ৰুজে অসমলৈ আগমন ঘটা পৰ্যটকসকললৈ সেৱা আগবঢ়াই অহাৰ লগতে দেশী বিদেশী পৰ্যটকৰ সন্মুখত অসমৰ পৰিচয় দাঙি ধৰিছে৷

Total Comments - 0

Leave a Reply